AS/Prabhupada 0010 - নিযুতলৈ বিস্তাৰিত কৰা: Difference between revisions

(Created page with "<!-- BEGIN CATEGORY LIST --> Category:1080 Assamese Pages with Videos Category:Prabhupada 0010 - in all Languages Category:AS-Quotes - 1976 Category:AS-Quotes -...")
(No difference)

Revision as of 17:11, 16 July 2021



Lecture on SB 7.9.9 -- Mayapur, February 16, 1976

কৃষ্ণ... এই ষোল্ল হাজাৰ গৰাকী পত্নী, তেওঁ লোক কেনেকৈ পত্নী হ'ল? তোমালোকে কাহিনীটো জানা, যে বহু সুন্দৰী, ষোল্ল হাজাৰ সুন্দৰী, মই ক'ব বিচাৰিছোঁ যে, এটা অসুৰে ৰজাৰ জীয়ৰীসকলক অপহৰণ কৰিছিল। অসুৰটোৰ নাম কি আছিল? ভৌমাসুৰ, ন ? হয়। গতিকে তেওঁ লোকে কৃষ্ণক প্ৰাৰ্থনা কৰিলে যে, "আমি জীয়াতু ভুগিছোঁ, আমাক এই অসুৰে অপহৰণ কৰিলে। দয়া কৰি আমাক ৰক্ষা কৰা।" গতিকে কৃষ্ণ তেওঁ লোকৰ ৰক্ষাৰ বাবে আহিল, আৰু ভৌমাসুৰ ৰ বধ হ'ল তথা সকলো যুৱতীকে মুকলি কৰি দিয়া হ'ল। কিন্তু মুক্ত হোৱাৰ পাছতো তেওঁ লোক তাতেই থিয় হৈ থাকিল। সেয়ে কৃষ্ণই সুধিলে, "এতিয়া তোমালোকে নিজৰ পিতৃগৃহলৈ যাব পাৰা।" তেওঁ লোকে ক'লে যে "আমাক অপহৰণ কৰা হৈছে, আমি বিয়া হ'ব নোৱাৰোঁ।" ভাৰতত এতিয়াও সেই নিয়মটো আছে। যদি এজনী ছোৱালী, গাভৰু ছোৱালী, ঘৰৰ পৰা বাহিৰলৈ এদিন বা দুদিনৰ বাবে যায়, কোনেও তাইক বিয়া নকৰায়। কোনেও তাইক বিয়া নকৰায়। তাইক নষ্ট হোৱা বুলি গণ্য কৰা হয়। এইটো এতিয়াও এক ভাৰতীয় নিয়ম। গতিকে তেওঁ লোকক বহু দিন অথবা বহু বছৰৰ বাবে অপহৰণ কৰি নিয়া হৈছিল, গতিকে তেওঁ লোকে কৃষ্ণক অনুৰোধ কৰিলে যে, "আমাক আমাৰ পিতৃয়েও এতিয়া গ্ৰহণ নকৰিব, কোনেও আমাক বিয়া কৰাবৰ বাবে সন্মত ন'হব।" তেতিয়া কৃষ্ণই বুজি পালে যে "তেওঁ লোকৰ অৱস্থা অতি দুৰ্দশাগ্ৰস্ত। তেওঁ লোক মুক্ত হ'ল যদিও ক'লৈকো যাব নোৱাৰে।" তেতিয়া কৃষ্ণ... তেওঁ অতি দয়াময়, ভক্ত-বৎসল। তেওঁ সুধিলে, "তোমালোকে কি বিচাৰা?" তেতিয়া তেওঁ লোকে ক'লে যে "তুমি আমাক গ্ৰহণ কৰা। অন্যথা আমাৰ থাকিবলৈ আন কোনো উপায় নাই।" কৃষ্ণই তৎক্ষণাত ক'লে:" নিশ্চয়, আহা।" এয়াই কৃষ্ণ। আৰু এনে নহয় যে তেওঁৰ ষোল্ল হাজাৰ পত্নীয়ে একেটা শিবিৰতে বাস কৰিছিল। তেওঁ তৎক্ষণাত ষোল্ল হাজাৰ মহল নিৰ্মাণ কৰাইছিল। কাৰণ তেওঁ পত্নী হিচাপে তেওঁ লোকক গ্ৰহণ কৰিছিল, তেওঁ লোকক পত্নী হিচাপেই ভৰণ পোষণ কৰিব লাগিব, তেওঁৰ ৰাণী হিচাপে, এনেদৰে নহয় যে "তেওঁ লোকৰ আন কোনো উপায় নোহোৱাৰ বাবে মোৰ আশ্ৰয়লৈ আহিছে। মই যিকোনো ধৰণেই ৰাখিব পাৰোঁ।" নহয়। অতি সন্মানেৰে সৈতে ৰাণী হিচাপে, কৃষ্ণৰ ৰাণী হিচাপে। আৰু আকৌ তেওঁ ভাবিলে যে "ষোল্ল হাজাৰ পত্নী... গতিকে যদি মই মাত্ৰ এজন অকলে থাকোঁ ,মোৰ পত্নী সকলে মোক লগ পাব নোৱাৰিব। প্ৰতিগৰাকীয়েই নিজৰ পতিক চাবৰ বাবে ষোল্ল হাজাৰ দিন অপেক্ষা কৰিব লাগিব। ন'হব।" তেওঁ নিজকে ষোল্ল হাজাৰ কৃষ্ণলৈ বিস্তাৰিত কৰিলে। এয়াই কৃষ্ণ। এই অধমবোৰ, সিহঁতে কৃষ্ণক 'নাৰী চিকাৰী' বুলি দোষাৰোপ কৰে। তেওঁ তোমাৰ দৰে নহয়। তুমি এগৰাকী পত্নীও চম্ভালিব নোৱাৰা, কিন্তু তেওঁ ষোল্ল হাজাৰ পত্নীক ষোল্ল হাজাৰ মহলত পালন কৰিছিল। আৰু ষোল্ল হাজাৰ বিস্তাৰিত ৰূপ ধৰি। প্ৰতিগৰাকীয়েই সন্তুষ্টিৰে বাস কৰিছিল। এয়াই হৈছে কৃষ্ণ। আমি বুজি পাব লাগিব কৃষ্ণ কি। কৃষ্ণ ক অনুকৰণ নকৰিবা। প্ৰথমে কৃষ্ণক বুজিবলৈ চেষ্টা কৰা।