AS/Prabhupada 0002 - পাগলৰ সভ্যতা এটা



Lecture on SB 6.1.49 -- New Orleans Farm, August 1, 1975

হৰিকেশ: অনুবাদ..." যিদৰে এজন ব্যক্তিয়ে নিদ্ৰাৰত অৱস্থাত স্বপ্নত দেখা শৰীৰ টোৰ অনুপাতে কাম কৰে, অথবা সেই শৰীৰ টোকে নিজেই বুলি ভাবি লয়, ঠিক সেইদৰে, তেওঁ নিজৰ বৰ্তমানৰ শৰীৰটোকো নিজেই বুলি ভাৱে। যিটো শৰীৰ তেওঁ অতীতৰ ধাৰ্মিক বা অধাৰ্মিক কাৰ্যকলাপ ৰ ফলত লাভ কৰিছে, আৰু তেওঁ নিজৰ অতীত অথবা ভৱিষ্যতৰ জীৱন সম্পৰ্কে জ্ঞাত নহয়।"

প্ৰভুপাদ:

যথাজ্ঞাস্ তমসা(যুক্ত)
উপাস্তে ব্যক্তম এৱ হি
ন বেদ পূৰ্বম অপৰম
নস্ত-জন্ম-স্মৃতিস্ তথা
(শ্ৰীমদ্ভাগৱত ৬.১৪.৪৯)

এইটোৱেই আমাৰ অৱস্থা এয়াই আমাৰ বিজ্ঞানৰ প্ৰগতি, যে আমি নাজানোঁ "মই এই জীৱনৰ পূৰ্বে কি আছিলোঁ আৰু এই জীৱন শেষ হোৱাৰ পাছত মই কি হ'ম?" জীৱন নিৰৱচ্ছিন্ন ভাৱে চলি থাকে। এয়াই আধ্যাত্মিক জ্ঞান। কিন্তু সিহঁতে এইটোও নাজানে যে জীৱন নিৰৱচ্ছিন্ন ভাৱে চলি থাকে। সিহঁতে ভাৱে, "কেনেবাকৈ মই এই জীৱনটো লাভ কৰিলোঁ, আৰু মৃত্যুৰ পাছত ই শেষ হৈ যাব। অতীত, বৰ্তমান অথবা ভৱিষ্যতৰ কোনো প্ৰশ্নই নুঠে। গতিকে আমি মাথোঁ ভোগ কৰা উচিত।" ইয়াকেই কোৱা হয় অজ্ঞানতা, তমসা, দ্বায়িত্বহীন জীৱন।

সেয়ে অজ্ঞ। অজ্ঞ অৰ্থাৎ যাৰ কোনো জ্ঞান নাই। আৰু কাৰ কোনো জ্ঞান নাই? তমসা। সেইসকল যিয়ে তমোগুণৰ অধিকাৰী। তিনি প্ৰকাৰৰ ভৌতিক প্ৰকৃতি পোৱা যায়, গুণ: সত্ব, ৰজ, তমস্। সত্বগুণ অৰ্থাৎ সকলো পৰিস্ফুট, প্ৰকাশ। যিদৰে এতিয়া আকাশ খন মেঘে আৱৰি আছে; সূৰ্যৰ পোহৰ পৰিস্ফুট হোৱা নাই। কিন্তু মেঘৰ ওপৰত সূৰ্যৰ পোহৰ আছে, সকলো পৰিস্ফুট। আৰু মেঘৰ ভিতৰত পৰিস্ফুট নহয়। ঠিক সেইদৰে, যিসকল লোক সত্বগুণ ৰ অধিকাৰী, তেওঁ লোকৰ বাবে সকলো পৰিস্ফুট, আৰু যিসকল লোক তমোগুণৰ অধিকাৰী তেওঁ লোকৰ বাবে সকলোবোৰ অজ্ঞানতা, আৰু যিসকল লোক দুয়োৰে মিশ্ৰণ, ৰজগুণো(সত্বগুণ) নহয়, তমোগুণো নহয়, দুয়োৰে মধ্যত, তেওঁ লোকক কোৱা হয় ৰজগুণ। তিনিটা গুণ তমসা। গতিকে সিহঁত মাত্ৰ বৰ্তমানৰ শৰীৰ টোৰ প্ৰতিহে আগ্ৰহী, কি হ'বলৈ গৈ আছে সেই সম্পৰ্কে চিন্তা নকৰে, আৰু আগতে সি কি আছিল সেই বিষয়েও অজ্ঞাত। আন এঠাইত এইদৰে বৰ্ণনা কৰা হৈছে: নুনম পৰমত্তহ্ কুৰুতে বিক্ৰম (শ্ৰীমদ্ভাগৱত ৫.৫.৪) পৰমত্তহ্, পাগলৰ দৰে সি কি কাৰণে পাগল হ'ল নাজানে। সি পাহৰিলে। আৰু তাৰ কৰ্মৰাজিৰ বাবে কি হ'বলৈ গৈ আছে, সেয়াও সি নাজানে। পাগল ব্যক্তি।

গতিকে এই সভ্যতা, আধুনিক সভ্যতা, পাগল লোকৰ সভ্যতাৰ দৰে। সিহঁতৰ অতীত জীৱন সম্পৰ্কে কোনো জ্ঞান নাই, ভৱিষ্যত জীৱনৰ প্ৰতিও সিহঁত আগ্ৰহী নহয়। নুনম পৰমত্তহ্ কুৰুতে বিক্ৰম (শ্ৰীমদ্ভাগৱত ৫.৫.৪) আৰু পাপকৰ্মত সম্পূৰ্ণ ৰূপে মজ্জিত হয় কাৰণ অতীত জীৱন সম্পৰ্কে সিহঁতৰ কোনো জ্ঞান নাই। এটা কুকুৰৰ দৰে। সি কিয় কুকুৰ হ'ল, সেয়া সি নাজানে আৰু পৰৱৰ্তীকালত সি কি হ'ব ? গতিকে এটা কুকুৰ নিজৰ আগৰ জনমত প্ৰধানমন্ত্ৰী ও হ'ব পাৰে, কিন্তু যেতিয়া সি কুকুৰৰ জনম পায়, সি সেয়া পাহৰি যায়। সেয়াওঁঁ মায়াৰ আন এক প্ৰকাৰৰ প্ৰভাৱ। প্ৰক্ষেপাত্মিকা শক্তি, আৱৰণাত্মিকা শক্তি। মায়াৰ দুই প্ৰকাৰৰ শক্তি আছে। যদিহে কোনোৱে নিজৰ অতীতৰ পাপ কৰ্মৰ বাবে কুকুৰৰ শৰীৰ লাভ কৰিছে, আৰু যদিহে তাৰ মনত পৰে যে "মই প্ৰধানমন্ত্ৰী আছিলোঁ, এতিয়া মই কুকুৰ হৈছোঁ," তাৰ বাবে জীয়াই থকাটো অসম্ভৱ হৈ পৰিব। সেয়ে মায়াই তাৰ জ্ঞান ক ঢাকি ৰাখে। মৃত্যু। মৃত্যু অৰ্থাৎ সকলো পাহৰি যোৱা। তাকেই মৃত্যু কয়। যেনেকৈ আমি প্ৰত্যেক দিন আৰু নিশাতেই অনুভৱ কৰোঁ। যেতিয়া নিশা আমি এক পৃথক পৰিৱেশত, পৃথক জীৱনত সপোন দেখোঁ, আমি এই শৰীৰটোৰ বিষয়ে পাহৰি যাওঁ, যে "মই শুই আছোঁ। মোৰ শৰীৰটো এটা সুন্দৰ এপাৰ্টমেন্টত শুই আছে, খুবেই সুন্দৰ বিছনা।" নাই। ধৰি লোৱা সি ৰাস্তাত ঘূৰি ফুৰি আছে বা সি পাহাৰৰ ওপৰত আছে গতিকে সি লৈ গৈছে, সপোনত, সি লৈ গৈছে... সকলোৱে, আমি সেই শৰীৰটোৰ প্ৰতিহে আগ্ৰহ দেখুৱাওঁ। আমি পূৰ্বৰ শৰীৰটো পাহৰি যাওঁ। গতিকে সেয়াই অজ্ঞানতা। গতিকে অজ্ঞানতা, যিমানেই আমি অজ্ঞানতাৰ পৰা জ্ঞান লৈ উৰ্দ্ধগামী হওঁঁ, সিমানেই আমাৰ জীৱন সফল হয়। আৰু যদিহে আমি নিজকে অজ্ঞানতাত ৰাখি থওঁঁ, তেতিয়া কোনো সফলতা নাই। সেয়া মাথোঁ জীৱনটোক ধ্বংস কৰাহে হয়। গতিকে আমাৰ কৃষ্ণ ভাৱনামৃত আন্দোলনৰ লক্ষ হৈছে এজন ব্যক্তিক অজ্ঞানতাৰ পৰা জ্ঞান লৈ লৈ যোৱা। এয়াই বৈদিক সাহিত্যৰ সম্পূৰ্ণ সাৰ: এজন ব্যক্তিক উদ্ধাৰ কৰা। কৃষ্ণই ভগৱদ্ গীতাত ভক্তসকলৰ বিষয়ে কৈছে- সকলোৰে বাবে নহয়- তেষাম্ অহম্ সমুদ্ধৰ্তা মৃত্যু-সংসাৰ-সাগৰাৎ (ভগী ১২.৭) আকৌ

তেষাম্ এৱানুকম্পাৰ্থম্
অহম্ অজ্ঞান-জম তমহ
নাশয়ামি আত্ম-ভাৱ-স্থ
জ্ঞান-দ্বীপেন ভাস্বত
(ভগী১০.১১)

বিশেষ সকলৰ বাবে, ভক্তসকলৰ বাবে... তেওঁ সকলোৰে হৃদয়ত বিৰাজমান হৈ আছে, কিন্তু এজন ভক্ত যিয়ে কৃষ্ণক বুজিবলৈ চেষ্টা কৰি আছে তেওঁক তেওঁ সহায় কৰে। তেওঁ সহায় কৰে। অভক্ত সকল, তেওঁ লোকৰ কোনো স্পৃহা নাই...তেওঁ লোক মাত্ৰ পশু ভক্ষণ, নিদ্ৰা, যৌন জীৱন আৰু নিজৰ প্ৰতিৰক্ষা ক লৈয়ে ব্যস্ত। সিহঁতে একো চিন্তা নকৰে, ভগৱানক বুজিবলৈ বা ভগৱানৰ সৈতে নিজৰ সম্পৰ্ক বুজিবলৈও নিবিচাৰে। সিহঁতৰ বাবে, সিহঁতে ভাৱে কোনো ভগৱান নাই, আৰু কৃষ্ণয়ো কয়, "হয়, কোনো ভগৱান নাই। তুমি শুই থাকা।" সেয়েহে সৎ-সংগৰ প্ৰয়োজন। এই সৎ-সংগ, সতাম্ প্ৰসংগাত্। ভক্তসকলৰ সৈতে সংগ কৰি আমি ভগৱানৰ বিষয়ে আমাৰ স্পৃহা জগাই তোলো। সেয়েহে কেন্দ্ৰ সমূহৰ প্ৰয়োজনীয়তা আছে। অনাহকতে আমি আমাৰ ইমানবোৰ কেন্দ্ৰ খোলা নাই। নাই। এয়া মানৱ সমাজৰ কল্যাণৰ বাবে খোলা হৈছে।