AS/Prabhupada 0004 - কোনো আজে বাজে কথাত চৰণাগত নোহোবা



Lecture on BG 10.2-3 -- New York, January 1, 1967

পদ্ধতি টো হৈছে... সেয়াও ভগৱদ্ গীতাত উল্লেখ আছে। তদ্ বিদ্ধি প্ৰণিপাতেনা পৰিপ্ৰশ্নেনা সেৱয়া (ভগী. ৪.৩৪) যদিহে তুমি সেই পাৰমাৰ্থিক বিজ্ঞান ক বুজিব বিচাৰা, তেন্তে তুমি এই সিদ্ধান্ত ক অনুসৰণ কৰিব লাগিব। সেয়া কি? তদ্ বিদ্ধি প্ৰণিপাতেনা। তুমি সমৰ্পণ কৰিব লাগিব। একেটাই বস্তু: নমন্ত এৱ ৰ দৰে। যেতিয়ালৈকে তুমি নিজকে অৰ্পণ নকৰা, তুমি সমৰ্পিত আত্মা হ'ব নোৱাৰা। আৰু ক'ত? প্ৰণিপাত। তুমি এনে এজন ব্যক্তি ক'ত পাবা যি "তেওঁ... এইজনেই ব্যক্তি যাৰ ওচৰত মই সমৰ্পণ কৰিব পাৰোঁ"? ইয়াৰ অৰ্থ হ'ল আমি অলপ পৰীক্ষা কৰিব লাগিব ক'ত সমৰ্পণ কৰা যায়। সিমানখিনি জ্ঞান তোমাৰ থাকিব লাগিব। কোনো জ্ঞান হীন লোকৰ ওচৰত সমৰ্পণ নকৰিবা। তুমি কৰিব লাগিব... আৰু কিদৰে সেই বুদ্ধিমান অথবা জ্ঞান হীনক বিচাৰি উলিয়াবা? সেয়াও শাস্ত্ৰত বৰ্ণিত আছে। সেয়া কথা উপনিশদত বৰ্ণিত আছে। তদ্ বিদ্ধি প্ৰণিপাতেনা পৰি...(ভগী ৪.৩৪) কথা উপনিষদ ত কোৱা হৈছে যে তদ্-বিজ্ঞানাৰ্থম স গুৰুম এৱাভিগচ্ছেত্ স্ৰৌত্ৰিয়ম ব্ৰহ্ম-নিষ্ঠম [মুণ্ডক উপনিষদ ১.২.১২]। এই স্ৰৌত্ৰিয়ম মানে হৈছে যে যিজন গুৰু-শিষ্য পৰম্পৰাৰ পৰা আহিছে। আৰু ইয়াৰ কি প্ৰমাণ আছে যে তেওঁ গুৰু-শিষ্য পৰম্পৰাৰ পৰা আহিছে? ব্ৰহ্ম-নিষ্ঠম। ব্ৰহ্ম-নিষ্ঠম অৰ্থাৎ তেওঁ পৰম সত্য সম্পৰ্কে সম্পূৰ্ণৰূপে নিশ্চিত। গতিকে তেওঁৰ ওচৰত তুমি সমৰ্পণ কৰিব লাগিব। প্ৰণিপাত। প্ৰণিপাত মানে হৈছে প্ৰকৃষ্ট-ৰূপেণ নিপাতম্, কোনো আশংকা নাই।

যদি তুমি তেনে এজন ব্যক্তি বিচাৰি পোৱা, তেন্তে সমৰ্পণ কৰা। প্ৰণিপাত। আৰু তেওঁৰ সেৱা কৰিবৰ বাবে যত্ন কৰা,তেওঁঁক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰা, আৰু তেওঁক প্ৰশ্ন কৰা। গোটেই বস্তু বোৰ পৰিস্ফুট হ'ব। তুমি তেনে এজন প্ৰামাণিক ব্যক্তি ক বিচাৰি উলিয়াব লাগিব আৰু তেওঁৰ ওচৰত সমৰ্পণ কৰিব লাগিব। তেওঁৰ ওচৰত সমৰ্পণ কৰাৰ অৰ্থ হ'ল ভগৱানৰ ওচৰত সমৰ্পণ কৰা। কাৰণ তেওঁ হৈছে ভগৱানৰেই প্ৰতিনিধি। কিন্তু প্ৰশ্ন কৰাৰ অথবা জ্ঞান অৰ্জন কৰাৰ বাবেহে তোমাৰ অনুমতি আছে, সময় নষ্ট কৰাৰ বাবে নাই। এয়াই হৈছে পৰিপ্ৰশ্ন এয়াই হৈছে পদ্ধতি। গতিকে সকলোবোৰ আছে। আমি মাথোঁ গ্ৰহণ কৰিব লাগে। কিন্তু যদিহে আমি পদ্ধতি টো গ্ৰহণ নকৰোঁ আৰু নিচাগ্ৰস্ততাত নিজৰ সময় অপচয় কৰোঁ আৰু কল্পনা তথা অন্যান্য অনৰ্থক কাম কাজত সময় কটাওঁ, অহ্, সেয়া কেতিয়াও সম্ভৱ নহয়। তেনেকৈ তুমি কাহানিও ভগৱানক বুজি নাপাবা। কাৰণ ভগৱানক বুজি পোৱাটো দেৱতা অথবা মহান ঋষি সকলৰ বাবেও অসাধ্য। সেই তুলনাত আমাৰ ক্ষুদ্ৰ চেষ্টানো কি ?

গতিকে এয়াই হৈছে পদ্ধতি। আৰু যদি তুমি এই পদ্ধতি মানি চলা, অসম্মুধাহ্, অসম্মুধাহ্, যদি তুমি সিদ্ধান্ত বোৰৰ পালন কৰা আৰু লাহে লাহে কিন্তু নিশ্চিত ভাৱে, অসম্মুধাহ্, কোনো সন্দেহ নাই, যদিহে তুমি... সেয়াই... প্ৰত্যক্ষাৱগমম ধৰ্ম্য়ম। যদি তুমি মানি চলা, তুমি বুজি পাবা, নিজেই, "হয়। মই কিবা এটা পাইছোঁ।" এনেকুৱা নহয় যে তুমি অন্ধকাৰত আছা, তুমি অন্ধ ভাৱে অনুকৰণ কৰিছা। যেতিয়া সিদ্ধান্ত সমূহ মানি চলিবা, তেতিয়া বুজি পাবা।

যিদৰে তুমি পৰিপুষ্ট সুষম আহাৰ গ্ৰহণ কৰিলে নিজেই শক্তি অনুভৱ কৰা আৰু ভোক শান্ত হয়। তুমি কাকো সোধাৰ প্ৰয়োজন নাই। তুমি নিজেই অনুভৱ কৰা। ঠিক সেইদৰে যদি তুমি উচিত পথলৈ আহা আৰু যদি তুমি সিদ্ধান্ত বোৰৰ পালন কৰা, তুমি বুজি উঠিবা, "হয়, মই উন্নতি কৰিছোঁ।" প্ৰত্যক্ষ... নৱম অধ্যায়ত তেওঁ কৈছে প্ৰত্যক্ষাৱগমম্ ধৰ্ম্য়ম সুসুখম।

আৰু এইটো অতি সহজ। আৰু তুমি সুখানুভূতিৰে সৈতে কৰিব পাৰা। আৰু পদ্ধতি টো কি? আমি হৰে কৃষ্ণ জপ কৰোঁ আৰু কৃষ্ণ প্ৰসাদ খাওঁ আৰু ভগৱদ্-গীতা দৰ্শনৰ অধ্যয়ণ কৰোঁ, সুন্দৰ সংগীতৰ শব্দ শুনোঁ। এয়া বৰ কঠিন নেকি? এয়া বৰ কঠিন নেকি? একেবাৰে নহয়। গতিকে এই পদ্ধতিৰ তুমি অসম্মুধাহ্ হ'বা। কোনেও তোমাক ঠগিব নোৱাৰিব। কিন্তু যদি তুমি ঠগ খাব বিচাৰা তেতিয়াও বহু ঠগ আছে। গতিকে এখন ঠগ আৰু ঠগ খোৱা লোকৰ সমাজ নবনাবা। মাথোঁ বৈদিক সাহিত্য ত দিয়াৰ ধৰণে পৰম্পৰা পদ্ধতি অনুসৰণ কৰা , যিদৰে ইয়াক কৃষ্ণই কৰিবলৈ কৈছে। প্ৰামাণিক সূত্ৰৰ পৰা ইয়াক বুজিবলৈ যত্ন কৰা আৰু জীৱনত ইয়াৰ ব্যৱহাৰ কৰা।

তেতিয়া অসম্মুধাহ্ স মৰ্ত্যেসু। মৰ্ত্যেসু অৰ্থাৎ... মৰ্ত্য মানে যিসকল মৃত্যুৰ বাবে উপযোগী। কোন? এই জীৱাত্মাবোৰ, ব্ৰহ্মাকে আদি কৰি সামান্য পৰুৱা টোলৈকে, সকলোৱে মৰ্ত্য। মৰ্ত্য অৰ্থাৎ এনে এটা সময় আছে যেতিয়া সিহঁত বোৰ মৰিব। গতিকে মৰ্ত্যেসু। মৃত্যুমুখী মৰণশীলবোৰৰ মাজত সিয়েই আটাইতকৈ বুদ্ধিমান হয়। অসম্মুধাহ্ স মৰ্ত্যেসু। কিয়? সৰ্ব-পাপইহ্ প্ৰমুচ্যতে। সি সকলো ধৰণৰ পাপ কৰ্মৰ ফলৰ পৰা মুক্ত হয়।

এই জগতত, এই পাৰ্থিৱ জগতত, মই ক'ব বিচাৰিছোঁ যে, অজানিতে অথবা জানি বুজি, আমি সকলোৱে পাপ কৰ্ম কৰি আছোঁ। গতিকে আমি এই কৰ্মফলৰ বান্ধোনৰ পৰা মুক্ত হ'ব লাগিব। আৰু কেনেকৈ মুক্ত হ'ম? সেয়াওঁঁ ভগৱদ্ গীতাত বৰ্ণিত আছে। যজ্ঞাৰ্থাত্ কৰ্মণৌ 'ন্যাত্ৰ লোকো 'যম কৰ্ম-বন্ধনহ্ (ভগী ৩.৯] যদি তুমি কৰা, মাত্ৰ কৃষ্ণৰ বাবে কৰা... যজ্ঞ অৰ্থাৎ বিষ্ণু বা কৃষ্ণ। যদি তুমি মাত্ৰ কৃষ্ণৰ বাবে কাম কৰা, তেন্তে তুমি যিকোনো কৰ্মফলৰ বন্ধনৰ পৰাই মুক্ত। শুভাশুভ-ফলইহ্। আমি কিবা শুভ অথবা অশুভ কাম কৰোঁ। কিন্তু কৃষ্ণ ভাৱনাত থকা ব্যক্তি সকল আৰু যিয়ে তেনে ভাৱনাত কাম কৰে, তেওঁৰ শুভ অথবা অশুভৰ সৈতে কোনো সম্পৰ্ক নাই। কাৰণ তেওঁ পৰম পৱিত্ৰ কৃষ্ণৰ সংস্পৰ্শত আছে। গতিকে সৰ্ব-পাপইহ্ প্ৰমুচ্যতে। তেওঁ সকলো পাপকৰ্মৰ ফলাফলৰ পৰা মুক্ত হৈ পৰে।

এইটোৱেই পদ্ধতি। আৰু যদি আমি এই পদ্ধতি গ্ৰহণ কৰোঁ, শেষত আমি কৃষ্ণৰ সংস্পৰ্শলৈ আহিব পাৰিম। আৰু আমাৰ জীৱন সাৰ্থক হ'ব। পদ্ধতি টো অতি সৰল, আৰু আমি, সকলোৱে ইয়াক গ্ৰহণ কৰিব পাৰোঁ। বহুত বহুত ধন্যবাদ