AS/Prabhupada 0001 - দহ মিলিয়নলৈ বিস্তাৰিত কৰা

Revision as of 07:01, 19 July 2021 by Vanibot (talk | contribs) (Vanibot #0005: NavigationArranger - update old navigation bars (prev/next) to reflect new neighboring items)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)


Lecture on CC Adi-lila 1.13 -- Mayapur, April 6, 1975

চৈতন্য মহাপ্ৰভুৱে সকলো আচাৰ্যক কৈছে... নিত্যানন্দ প্ৰভু, অদ্বৈত প্ৰভু আৰু শ্ৰীৱাস আদি গৌড় ভক্ত বৃন্দ, তেওঁলোক সকলোৱেই শ্ৰী চৈতন্য মহাপ্ৰভুৰ আদেশ বাহক। সেয়েহে আচাৰ্য পৰম্পৰাৰ পথ অনুসৰণ কৰিবলৈ চেষ্টা কৰা। তেতিয়াহে জীৱন সাৰ্থক হ'ব। আৰু আচাৰ্য হোৱাটো ইমান কঠিন নহয়। সৰ্বপ্ৰথম, তোমাৰ আচাৰ্যৰ অতি বিশ্বাসযোগ্য সেৱক হ'বৰ বাবে, নিষ্ঠাসহকাৰে তেওঁ কোৱা কথাৰ পালন কৰা। তেওঁক প্ৰসন্ন কৰিবলৈ চেষ্টা কৰা আৰু কৃষ্ণ ভাৱনামৃত প্ৰচাৰ কৰা। সিমানেই। এইটো অলপো কঠিন নহয়। তোমাৰ গুৰু মহাৰাজৰ নিৰ্দেশ পালন কৰিবলৈ চেষ্টা কৰা আৰু কৃষ্ণ ভাৱনামৃত প্ৰচাৰ কৰা। এয়াই চৈতন্য মহাপ্ৰভুৰ আদেশ।

আমাৰ আজ্ঞায় গুৰু হৈয়া তাৰ এই দেশ
যাৰে দেখো তাৰে কহ কৃষ্ণ উপদেশ
(চৈচ মধ্য ৭.১২৮)

"মোৰ আদেশ পালন কৰি, তুমি গুৰু হোৱা।" আৰু যদিহে আমি একনিষ্ঠ ভাৱে আচাৰ্য পৰম্পৰা পালন কৰোঁ তথা কৃষ্ণৰ নিৰ্দেশ প্ৰচাৰ কৰিবলৈ অহোপুৰুষাৰ্থ প্ৰয়াস কৰোঁ। যাৰে দেখো তাৰে কহ কৃষ্ণ উপদেশ (চৈচ মধ্য ৭.১২৮) দুই প্ৰকাৰৰ কৃষ্ণ উপদেশ আছে। উপদেশ ৰ অৰ্থ হ'ল শিক্ষা কৃষ্ণই যি শিক্ষা দিয়ে, সেয়াও 'কৃষ্ণ উপদেশ', আৰু কৃষ্ণৰ বিষয়ে যি শিক্ষা পোৱা যায়, সেয়াও 'কৃষ্ণ উপদেশ'। কৃষ্ণস্য উপদেশ ইতি কৃষ্ণ উপদেশ। সমাস, ষষ্ঠী-তৎপুৰুষ সমাস। আৰু কৃষ্ণ বিষয়ে উপদেশ, সেয়াও কৃষ্ণ উপদেশ। বহুব্ৰীহি সমাস। এইটো সংস্কৃত বৈয়াকৰণিক পৰ্যালোচনাৰ পদ্ধতি। সেয়ে কৃষ্ণৰ উপদেশ হ'ল ভাগৱদ্ গীতা তেওঁ প্ৰত্যক্ষ ভাৱে শিক্ষা দিছে। সেয়ে যিজনে কৃষ্ণ উপদেশ প্ৰচাৰ কৰিছে...কৃষ্ণই যি কৈছে তাৰেই পুনৰাবৃত্তি কৰিছে মাত্ৰ, তেন্তে তুমিও আচাৰ্য হ'বা। অলপো কঠিন নহয়। সকলোবোৰ বৰ্ণিত হৈ আছে। আমি মাত্ৰ ভাঁটৌৰ দৰে পুনৰাবৃত্তি কৰিব লাগে ঠিক ভাঁটৌ নহয়। ভাঁটৌৱে অৰ্থ বুজি নাপায়; সি মাত্ৰ শব্দ কৰে কিন্তু তোমালোকে অৰ্থও বুজি পাব লাগিব; ন'হলে ব্যাখ্যা কেনেকৈ কৰিবা ? সেয়ে, সেয়েহে আমি কৃষ্ণ ভাৱনামৃত প্ৰসাৰ কৰিব বিচাৰোঁ। মাত্ৰ কেনেকৈ কোনো অপব্যাখ্যা নোহোৱাকৈ সুন্দৰভাৱে কৃষ্ণৰ উপদেশ সমূহ পুনৰাবৃত্তি কৰিব পাৰা তাৰ বাবে নিজকে প্ৰস্তুত কৰা। তেতিয়া, ভৱিষ্যতে... ধৰি লোৱা তোমাৰ লগত এতিয়া দহ হাজাৰ আছে। আমি এশ হাজাৰলৈ বিস্তাৰিত কৰিম। ইয়াৰ প্ৰয়োজনীয়তা আছে। তাৰপাছত এশ হাজাৰৰ পৰা মিলিয়ন আৰু মিলিয়নৰ পৰা দহ মিলিয়ন।

ভক্তবৃন্দ: হৰিবোল! জয়!

গতিকে আচাৰ্যৰ কোনো অভাৱ ন'হৱ। আৰু মানুহে অতি সহজে কৃষ্ণ ভাৱনামৃতক বুজি পাব। গতিকে এইধৰণৰ সংস্থা গঢ়ি তোলা। মিছা গপক প্ৰশ্ৰয় নিদিবা। আচাৰ্যৰ নিৰ্দেশ অনুসৰণ কৰা আৰু নিজকে উত্তম, পৰিপক্ক কৰি তুলিবলৈ চেষ্টা কৰা। তেতিয়া মায়াৰ বিৰুদ্ধে যুঁজ দিয়াটো অতিশয় সহজ হৈ পৰিব। হয়। আচাৰ্য সকলে মায়াৰ কাৰ্যকলাপৰ বিৰূদ্ধে যুদ্ধ ঘোষণা কৰে।